পৃষ্ঠা:কুলাচল বধ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
কূলাচল বধ।

পাছে সুখে শয়ন কৰিলা চাৰিবীৰ।
দিনাচাৰি মানে ভৈলা নিরুজ শৰীৰ॥
কেন মতে ৰহিলন্ত চাৰি মহাবীৰ।
হৰিষ শৰীৰ আতি ধৰ্ম্ম নৃপতিৰ॥
পুছে মুনিবৰে পক্ষিগণ কহিয়োক।
পাছে কিকৰিলে সিটো কথা জনায়োক॥
ধূম্ৰাক্ষৰ নাম কেনে কূলাচল ভৈলা
কোন জনে তাহাৰ হেনয় নাম থৈলা॥
তাহাৰ লোকৰ হেন শকতি মহত্ত্ব।
কেন মতে তাহাক পাণ্ডবে কৈলা হত॥
সবিশেষে শুনু মই বৈষ্ণৱৰ কথা।
মহন্ত পাণ্ডবে পাছে কি কৰিলে তথা॥
শুনিতে শুনিতে মোৰ তৃষ্ণা বাঢ়ি যাই।
যেন অমৃতৰ পানে তৃপ্তি নপলাই॥
শুনি চাৰি মহন্তৰ প্ৰেমাকুল মন।
সাধু সাধু মুনি তুমি জানো মহাজন॥
বিষ্ণু বৈষ্ণৰৰ কথা বেদৰ ৰহস্য।
ঈশ্বৰ কৃষ্ণক ইটো সদ্য কৰৈ বশ্য॥
মহামুনি দ্বৈপায়নে যিমান কহিলা।
মহামুনি মাৰ্কণ্ডেয় আমাক পঢ়াইলা॥

(১০)