পৃষ্ঠা:কুলাচল বধ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ।

পুত্ৰ হৰিষিতে ৰাজা ধন ধান্য যত।
প্ৰজাৰ মনক পুৰি দিলন্ত সমস্ত॥
সঞ্চয়ন বিত্তকো কৰিয়া বুন্দামাৰ৷
পুত্ৰৰ কুশল হেতু দিলন্ত অপাৰ॥
এহিমতে যজ্ঞ কাৰ্য্য কৰি সমাপতি।
গৃহক চলিলা ৰঙ্গে প্ৰজায়ে সহিতি॥
প্ৰথম মহিষী হাতে পুত্ৰক দিলন্ত।
অসংখ্যাত জ্যোতিৰ্ব্বেদী বিপ্ৰ আনিলন্ত॥
জাতকৰ্ম্ম কৰাইল পুত্ৰৰ যত যত।
তেসম্বে কহিলা সবে তাহাৰ মহত্ব॥
হৈবেক ধূম্ৰাক নাম তোমাৰ পুত্ৰৰ।
আতহন্তে কষ্ট বড় লভিলা ডাঙ্গৰ॥
তমোগুণে শ্বেত মাধৱৰ মুৰ্ত্তি হয়।
বহুত লোকক পীড়া কৰিব নিশ্চয় ॥
বলে পৰাক্ৰমে যাৰ নহৈবেক সম।
দেব সবে বখানিব যাহাৰ বিক্ৰম ॥
এহিমতে আনো নানা কৈলা কৰ্ম্মচয়৷
শুনি নৃপতিৰ অতি হৰিষ হৃদয়॥
তাসম্বাক ধন বস্ত্ৰ অলঙ্কাৰ দিল।
দাস দাসী গ্ৰাম দিয়া মনক পুৰিল॥