পৃষ্ঠা:কুলাচল বধ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
কুলাচল বধ।

হৃদয়ত ঘোৰশৰে ভেদিয়া আছয়।
তথাপিতো উঠি সিটো তাবুকি ফুৰয়॥
যদি তাৰ হৃদয়ত শৰ নহানয়।
তাহাৰ মহত কোনে সহিবে পাৰয়॥
নকুলক হাত মেলি পাৱে হেন জানি।
সহদেবে ডাঙ্গি ধৰি ধনু খান টানি॥
উভট কৰিয়া কঙ্কালত কোবদিল।
আৰু কোবে গিৰিষাই ভুমিত পড়িল॥
মৰিল দানৱ গোট ভাৰ দূৰ গৈলা।
সিদ্ধমুনি বিদ্যাধৰ মহাৰঙ্গ ভৈলা॥
ভীম ধলঞ্জয় দুই তথাকে আসিলা।
নকুল সহদেব দুইকো সাবটি ধৰিলা॥
গলাগলি কৰি চলি গৈলা চাৰি ভাই।
গধুলিকা বেলা তথা প্ৰবেশিলা যাই॥
আদি অন্তে যত কথা নৃপতি পুচিলা।
ধনঞ্জয়ে সবে তাঙ্ক ৰাজাত কহিলা॥
শুনিয়া ৰাজাৰ মহা হৰিষত মন।
চাৰিয়ো ভ্ৰাতৃক প্ৰশংসিলা ঘনে ঘন॥
কৃষ্ণকৃষ্ণ স্মৰি ৰাজা তথাতে ৰহিলা।
স্নান সন্ধ্যাকৰি পাছে অন্নক ভুঞ্জিলা॥