পৃষ্ঠা:কুলাচল বধ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
কুলাচল-বধ।

দেখি সহদেবে বরুণৰ শব হানি।
কাটীলেক শূলপাট নিমাইল অগনি॥
দেব গণে বোলে সাধু সাধূ সহদেৱ।
তোমাৰ সমান ধনুধৰ্ৰ নাহিকেৱ॥
নকুলে বোলয় মনে ইহাঙ্ক মাৰিবোঁ।
মোৰ দুই ভাইৰ আজি মানক সাৰিবোঁ॥
এহিবুলি দুপাট বাণ বাচি লৈলা।
নাগমুখ বাণ গোট প্ৰহাৰ কৰিলা॥
এক পাটে শৰে হৃদিশালি ধৰিলেক।
আরু গোটে তাৰ স্কন্ধ ছেদিল প্ৰত্যেক॥
কবন্ধ শৰীৰ তাৰ ভূমিতলে পড়ি।
নকুলক ধৰিবাক যাই বেগ ধৰি॥
দুইহাত মেলি জাম্পে ধৰণী কম্পাই।
হলহল কৰি গলে রুধিব বজাই।
দেখি দেবাসুৰে সুমৰয় ৰামৰাম।
কোনো কালে নতু দেখি শুনি হেন কাম॥
বঘাসুৰ ৰণে যত ৰাক্ষ্নস দানৱ৷
সিসবৰ হেন মত নাহি পৰাভব॥
ইটো দানবৰ কিনে অমৰ শৰীৰ।
কাটিলেক স্কন্ধ তাৰ মাদ্ৰীসুত বীৰ॥