পৃষ্ঠা:কুলাচল বধ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
কুলাচল-বধ।

সহদেবে নেউলক হানিলা দশশৰ।
তিনি পাট ফুটি তাৰ বঝাইল সত্বৰ॥
আরু সাত পাট তাৰ গাৱে লুকাদিল।
শৰ বিষে গিৰিষাই বাগৰি পড়িল॥
কত দূৰমানে লড়িলেক মহীখণ্ড।
সহদেব মহাবীৰ দারুণ প্ৰচণ্ড॥
ডেৱ দিয়া ভূমিত নামিল দুৰাচাৰ।
দেখিয়া নকুলে শৰ কৰিল প্ৰহাৰ॥
নকুলৰ শৰপাট বাটতে ছেদিল।
দেখি মাদ্ৰীসুতে মহাক্ৰোধত জ্বলিল॥
ভাল ভাল তিনি পাট লৈলেক নৰাচ।
এক শৰে ধনুৰ কাটিলা গুণ গাচ॥
আরু দুই পাট শৰে হৃদয়ে ভেদিলা৷
ছোট পায়া দানৱে ক্ৰোধত প্ৰকম্পিলা॥
ধনুনাশ ভৈল তাৰ ত্ৰিশূল ধৰিল।
নকুলক বোলে তোৰ মৰণ মিলিল॥
নকুলে বোলয় তই কতেক লপস।
এতিক্ষণে তই কিবা আপুনি মৰস॥
শুনি দৈত্যে মহাশূল প্ৰহাৰ কৰিল।
ঘোৰ বহ্নি কুণ্ড যেন আকাশে চলিল॥