পৃষ্ঠা:কুলাচল বধ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
কুলাচল বধ।

অৰ্জ্জুনৰ শৰ সিটো কিছু নঘাতিল।
মোকো জলাকলা কৰি নিসন্ধি আসিল॥
নেউল গোটত আমি ভাগিলোহোঁ ৰণে।
আক আৰ বধিবে পাৰিবে কোন জনে॥
এহি বুলি থমকি ৰহিলা বীৰবৰ।
পক্ষীত পুচন্ত কথা জয়মুনিবৰ॥
কাৰ বৰ পাই কুঞ্জৰাট মহাবলী।
গুছক সংশয় মোত কহিয়ো সমুলি॥
তুমি সবে জানা যত পুৰ্ব্বকথা চয়।
আমাৰ আগত তাক কহিয়ো নিশ্চয়॥
বপুসুতে বোলে কথা শুনিয়ো পুৰ্ব্বৰ।
যেনে কহিছন্ত মাৰ্কণ্ডেয় মুনিবৰ॥
ভদ্ৰানামে দেবী তাঙ্ক দানৱে পুজিল।
বহু পূজাখাই দেবী তাক দেখা দিল॥
বোলে মোত কিবা খোজ দানৱ নন্দন।
তোত তুষ্ট ভৈলো বৰ লয়ো যেই মন॥
বোলে আই তুমি যদি মোক দিবা বৰ।
নেউলৰ যানে হৈবোঁ অজৰ অমৰ॥
মোক যেন কেহো গোটে মাৰন্তা নোহোক।
আন একো নলাগয় আকে দিয়ো মোক॥