পৃষ্ঠা:কুলাচল বধ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
কুলাচল-বধ৷

দেবী বোলে খুজিলি দুস্কৰ বৰ তই।
শুন কুঞ্জৰাট এক বাক্য বোলো মই॥
যোনি দ্বাৰে বাজ হুয়া আছে যত লোক।
সিটো সবে মাৰিবাক নোৱাৰিবে তোক॥
অদ্বাৰে বজাৱে যিটো মানুষ্য কেবল।
সেহি তোৰ মৃত্যু হৈবে কহিলোঁ সকল॥
এহি বুলি অন্তৰ্দ্ধান দেবীয়ো ভৈলেক।
এতেকে বধিবে কেৱে নপাৰে প্ৰত্যেক॥
নকুল সহদেব দুয়ো পৰম নিপুণ।
ইহাৰ হৈবেক মৃত্যু জানা তপোধন॥
বৰ বলে বাঢ়িয়া আছয় ক্ৰুৰজন।
ভীম অৰ্জ্জুনৰ হাতে নিমিলে মৰণ॥
ই কথা থাকোক পাছে শুনা যেন নয়।
ভীমৰ শঙ্কট বৰ মৰণ মিলয়॥
দুই বীৰে অন্যো অন্যে কহয় কাহিনী।
ভীম দদা অৰ্জ্জুনৰ বল ভৈল হানি॥
হেৰা দেখা তাৰ তাসম্বাৰ প্ৰাণৰ সংশয়।
আমি আগ বাঢ়ি তাক যুঝিবে লাগয়॥
এহি বুলি দুই জনে ধৰি ধনুশৰ
আগক বাঢ়িল ভয়ানক দানৱৰ॥