পৃষ্ঠা:কুলাচল বধ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
কুলাচল বধ৷

ঢলো পৰো কৰে হাত ভৰি নচলয়॥
দানৱ গোটৰ মহা উধূতি বাঢ়য়॥
ভ্ৰাতৃৰ দেখিয়া হেন মৰণ সংশয়।
মহাবীৰ ভীমৰ যে নসহে হৃদয়॥
যিটো অৰ্জ্জুনৰ শৰে পৰ্ব্বত ভেদয়।
তিখাল বিষাল অতি দেখি লাগৈ ভয়॥
চুইলে প্ৰাণ হৰে অল্পশত মনুষ্যৰ।
দানৱৰ গাৱত পড়য় হেন শৰ॥
নকৰয় কাট কুট দুৰ্জ্জন দানৱ।
অৰ্জ্জুন ভৈলন্ত তাত মহা পৰাভৱ॥
পাছে বৃকোদৰে আগ বাঢ়ি গদাধৰি।
কোবাইবে লাগিলা ঘোৰ চণ্ডনাদ কৰি॥
কেণ্ট কেন্ট কৰি পাক ফুৰে দুৰাচাৰ।
নেউলৰ মাথে দিলা গদাৰ প্ৰহাৰ॥
শৰ হানিবাৰ সিটো থব নপাৱয়।
বৃকোদৰ বীৰে পাকফুৰি কোবাৱয়॥
বৰলব্ধ তাহাৰ মৰণ নাহি কয়॥
পাছে বৃকোদৰকো ভেদিলা শৰচয়॥
নাকে মুখে ভীমকো হানিলা শৰচয়।
চঙ্ক লাগি গৈলা ভীমসেনৰ হৃদয়॥