পৃষ্ঠা:কুলাচল বধ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
কুলাচল বধ।

এহি কহি ক্ৰোধ বেগে  পৰিঘ হানিয়া খঙ্গে
 চাহি আছে তাহাক প্ৰত্যক॥
হেন দেখি বায়ুসুতে  গদা ধৰি মহাক্ৰোধে
 আগ বাঢ়ি চাহিয়া আছয়।
দেখিয়া দানৱ গোটে  মুদগৰ হানিলেক
 ভীমৰ মৰণ চিন্তি তয়॥
কেন দেখি কুন্তীসুতে  মনে বিমৰষি বোলে
 দানৱৰ দেখিয়া অকাজ।
দুভিতি সঙ্কট আসি  মিলিল মোহোৰ দেখোঁ
 পৰি জানোঁ যাওঁ যমৰাজ॥
হেন দেখি দুয়ো বীৰে  শৰ সব প্ৰহাৰিলা
 পৰিঘক দূৰতে ছেদিল।
দেখিয়া ভীমৰ মনে  কিছু মান স্বস্থ হুয়া
 মুদগৰে কোব এক দিল॥
গদাৰ কোবত সিটো  চুৰ্ণীকৃত্য হুয়া পড়ি
 দানৱৰ বিশ্ৰুতি মিলিলা।
সেহি বেলা ভীম বীৰে  গদা গোট তুলি ধৰি
 বিম্বাদ শবদে খেদি গৈলা॥
হুবুলি ক্ৰোধ কৰি  কালান্তক যম যেন
 মহা বেগে কোব এক দিল।