পৃষ্ঠা:কুলাচল বধ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
কুলাচল বধ৷

দেখিয়া দানৱ গোটে  মহা বেগে দেৱ মাৰি
 শত হতমানে অন্তৰিলা॥
গদা কোবে দানৱক  নপাইলেক দেখি পাছে
 গদা এড়ি বৃক্ষ লৈলা তুলি।
দেখিয়া দানবে পাছে মুষল ধৰিয়া ধাইল
 আজি মানুষীয়া মাৰোঁ বুলি।
অনন্তৰে দুই হন্তৰ  কোৱা কোৱি মিলিলেক
 চাপ চুপ কৰৈ কোলাহল।
মহাবীৰ বৃকোদৰ  আটাসেক দিয়া পাছে
 তাৰ মাথে কোবেক বৈসাইল॥
বৃক্ষৰ কোবত তাৰ হাৰ ঘাৰ ভাঙ্গি গৈল
 মাৰিলেক দানৱ দুৰ্জ্জন।
মহাবীৰ বায়ুপুত্ৰ  কৌতুহলে ৰহিলেক
 জয় জয় কৰৈ দেবগণ॥
নমো নমো নাৰায়ণ  দুঃখ ভয় বিনাশন
 ভৃত্য ভয়হাৰী সদানন্দ।
পূৰ্ণব্ৰহ্ম সনাতন  আদিদেৱ নিৰঞ্জন
 পুৰাণ পুৰুষ জগবন্দ্য॥
হৃদয়ৰ গুৰু তুমি  তোমাৰ কৃপাত আমি
 বিৰচিলো ইটো পুণ্যকথা।