পৃষ্ঠা:কুলাচল বধ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
কুলাচল-বধ।

ছবি।

পক্ষিগণ নিগদতি  শুনা মুনি মহামতি
 মহাজন পাণ্ডবৰ কথা।
সহদেব নকুলৰ  বৃকোদৰ অৰ্জ্জুনৰ
 যেনমত যুদ্ধ ভৈল তথা॥
শূল হানি সেনাপতি  চাহি আছৈ এক চিতি
 দেখে শূল নাশ ভৈল যায়।
মনত আসুখ কৰি  বোলে মোৰ ভৈল মৃত্যু
 পৰিঘেক ধৰি যায় ধায়॥
শুন অৰে মানুষীয়া  বৰ বীৰ বোলাইলিহি
 মোৰ শূল অস্ত্ৰ নাশ কৰি।
পৰিঘৰ প্ৰহাৰত  তোৰ প্ৰাণ লৈবোঁ আজি
 খানিতেক ৰহ মোৰ বৈৰী॥
আমাৰৰ লোক যত  মাৰি আছ বাৰে বাৰ
 তাৰ আজি কৰো প্ৰতিকাৰ।
কৈৰ পৰা আসি তই  ঠনগণ চাৰি গোটা
 আমাৰ চিন্তিবে খোজমাৰ॥
আজি জানো তোৰা চাৰি  আমৰ হাতত পড়ি
 যমৰ ঘৰক চলিবেক।