পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব্ব

——————————————————
সবে মহাৰথী অতিশয় বুদ্ধিমন্ত।
অতি কায় অতি বীৰ অতি বলবন্ত ।।
ইন্দ্র যম বায়ু সম সবে ধনুৰ্দ্ধৰ।
দিব্য অস্ত্র জানে সবে সকলাে দেবৰ।
দেবাসুৰ নাগ যক্ষ দৈত্য দানবক।
ব্ৰহ্ম অস্ত্রে সংহৰিবে পাৰে জগতক।।
সবাতাে অধিক দেখাে কর্ণ শকুনিক।
কোপীত কালান্ত ঘেন কালদগ্ধ বিষ ।।
পৰ্ব্বতকো ভেদে তাৰ একো শৰ ঘাৱে।
সপােনতে ভয় মােৰ লাগে তাৰ নাৱে।
কৌৰবৰ হুয়া জানা প্রাণ উছৰ্গিব।
অগনিক কাম্প দিয়া আমাক যুঝিব ।।
আমাৰ বিপক্ষ আনাে ৰাজাগণ যত।
শৰ্ম্মা মাগধ জয়দ্রথ ভগদত্ত।।
সবেও যুঝিবে আসি কৌৰবৰ হুই।
তাৰা সব শৰে এবে আমি সব নুই ।।
দুই সে প্রকাবে আবে হােৱে পৰিছেদ।
ব্যাসে কহিলন্ত মােত সবে তত্ত্ব ভেদ।।
আমাৰ সহাই সবে তােমাত গৰব।
ইন্দ্ৰত গৰব যেন দেবগণ সব।।