পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিৰাত পৰ্ব

যেন মতে হও দুঃখ সাগৰৰ পাৰ।
আমি ভবা নাৱ, বাপ তুমি সে কাণ্ডাৰ ৷৷
উপায়েক বোলো বাপু শুনা মােৰ বাক।
আপনাকে দৃঢ় মানি নিছিন্তি নাথাক।
এহি বনবাসে আপোনাৰ কাৰ্য্য সাধা।
উতৰ দিশক গৈয়া ইন্দ্ৰক আৰাধ।
ইন্দ্র তুষ্ট ভৈলে ন্ট হােৱে দেবলােক।
ব্যি অস্ত্র আছে মানে সবে দিবে তােক।
এতেক কাৰ্যক বাপু হেলা নকবস।
তবে কৰ্ণ শকুনিক জিনিবে পাৰস।
ব্যাসে দিলা ৰোগমৰ শুনা কহাে তাক।
এহি শুভক্ষণে বাপু চলিয়ো স্বৰ্গক
তোমাৰ প্ৰসাদে তৰো দুৰ্গতি সাগৰ ।
থাকোক সুকীৰ্তি যাৰে দিবাকৰ ।
ধম্মৰ বচন হেন শুনা সব্যসাচি।
খানিতেক বিমৰসি মেখে আছি ।
উৰ্দ্ধমুখ কৰি পচে চাহিলা আকাশ।
কৌৰৱক চিন্তি পাচে ত্যজিলা নিশ্বাস ।
প্রণামি বোলন্ত দদা চলিলোহো হেৰ
যথাত আছন্ত দেৱ ঈশান বুবেৰ।।