পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিৰাত পৰ্ব্ব

——————————————————
ধন ধান্য গ্ৰাম ভূমি যেহি লাগে যাক।
দিয়া থৈয়া বশ্য কৰে সকলাে প্ৰজাক।।
খুড়া মােমা জেঠা যত ভাৰত বংশৰ।
ধন লােভে বশ্য ভৈল সবে কৌৰবৰ ।।
আমিও দৰিদ্ৰ ভৈলাে ৰাজ্যভাৰ এড়ি ।
বিধিয়ে কপালে লিখিলে দু:খি কৰি ৷।
ভূবিশ্ৰবা ভগদত্ত বাহ্লিক প্রভৃতি।
বিদূৰ খড়াত বাজে সবে তাৰ ভিতি৷।
সবে মিলি আলােচ কৰয় নিৰন্তৰ।
নিদিবেক ৰাজ্য ঘােৰ মিলিবে সমৰ ।৷
তেহ্ৰয় বংসৰ মানে সাঙ্গ ভৈলে কাজ।
আমিও নেড়িব সুখে আপােনাৰ ৰাজ ।।
কুৰু পাণ্ডব যুদ্ধ মিলিবে ডাঙ্গৰ।
হৈবেক ভাৰত যুদ্ধ প্রজা ক্ষয়ঙ্কাৰ ।।
দিবাক যি জনে পাৰে তাৰ ৰজে দণ্ডি ।
শ্ৰীমন্তৰ ভিতি বলবন্ত উগ্ৰচণ্ডী।।
নিৰ্দ্বনী জনক কোনে কৈত শােধে তাক।
ধন লোভে তাৰ হুয়া যুঝিবে আমাক ।।
ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ কৃপ দুঃশাসন।
একৈকে জিনিবে পাৰে তিনিও ভূবন ।।