পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব

 
এহি কথা শুনিতে হৰিষ ভৈলা বৰ।
যেন চন্দ্র মধুপানে লুবুধ চকোৰ।।
বৈশম্পায়ণ বদতি জম্মিজয়ৰ আগত।
কহাে কথা অৰ্জুনৰ শুনিও সমস্ত ।
যেন মতে শঙ্কৰক যুদ্ধত তুষিলা।
যেন মতে দিব্য অস্ত্র স্বর্গত শিখিল ॥
অনন্তৰে পাণ্ডবে যে কাম্যক বনত।
সৰস্বতী নদী তীৰে দুহানাে মধ্যত।
একদিনা সত্যব্রত যুত ধৰ্ম্মৰাজ।
অৰ্জ্জুনক মাতি গােপ্যে বুলিলন্ত কাজ ।
শুনা বাপু ধনঞ্জয় আলােচি বেকতে।
ব্যাস মহামুণি আসি বুলিলা সমস্তে ।
দুষ্ট দোৰ্য্যোধন শুনা শকুনি সহিতে।
কর্ণ দুঃশাসন সমে আলােচয় নিতে ।
হ্রেয় বৎসৰ সাঙ্গ ভৈলে দুৰাচাৰ।
সুখে ৰাজ্য কদাচিত নেদিবে আমাৰ ৷৷
ধৃতৰাষ্ট তাত তাৰ নুবুজিবা চিত্ত।
হৃদয়ত বিষ ঘট মুখত অমৃত।
আমাক নিকালি ছলে পাঠাইলেক বন।
সেহি ধনে জনে বৰ ভৈলা দোৰ্য্যোধন।