সমললৈ যাওক

পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব্ব ।

————————————————
সহস্ৰেক বাৰ দেবী কৰো নমস্কাৰ।
সুপ্ৰসন্ন হুয়ো মাতৃ ৰচিবো পয়াৰ॥
ভাৰতৰ কথা যিটো শুনে নিতে নিতে।
যমে বোলে দূত তাৰ নজাইৰি সন্নিতে॥
মোৰ অপৰাধি নোহে নাই পাপ তাৰ।
চতুৰ্ভুজ ৰূপে চলে বৈকুণ্ঠ যে পুৰ॥
জয়তি পাণ্ডবগণ ভৈলা শুদ্ধ গুণে।
ইন্দ্ৰত যে দিব্য অস্ত্ৰ শিখিলা অৰ্জ্জুনে॥
বধিলা অসুৰগণ বৈৰী জগতৰ।
ভনিলেক বিপ্ৰে পদ অৰণ্য পৰ্ব্বৰ॥
জম্মিজয় বদতি বৈশম্পায়ণ ঋষিত।
শুনিলো কৃষ্ণৰ কথা সক্ষাতে অমৃত॥
যেন মতে পাণ্ডব যে আছন্ত বনত।
ইন্দ্ৰত অৰ্জ্জুনে অস্ত্ৰ শিখিলা স্বৰ্গত॥
কেন মতে শঙ্কৰক যুদ্ধত তুষিলা।
পাশুপত অস্ত্ৰ হৰে কেন মতে দিলা॥
কত কাল মান থাকি ইন্দ্ৰৰ পুৰীত।
কোন কোন কৰ্ম্ম আৰু কৰিলা তহিত।
ধৰ্ম্ম ভীম অৰ্জ্জুন নকুল সহদেব।
কেন মতে একস্থান ভৈলন্ত পাণ্ডব॥