সমললৈ যাওক

পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২১
কিৰাত পৰ্ব্ব

বেগেতেক বাঘ চাল টনা তিনি যোড়া ।
মেহ্ৰাইবাক নাটে আনি লগাই আছে তৰা ।।
টঙ্গণা টঙ্গণ আঠু গাঠি হাত পাৱ।
দেখি অৰ্জ্জুনৰ ঘিনে সিহঁৰিলা গাৱ ।।
নাৰীগণ পাঞ্চ সাত লগত চলন্ত ।
কাণে মুণ্ডে গুঞ্জামণি উলুকা হাতত।।
পীঙ্গলা নয়ন মাথে ঠিয় ঠিয় জটা ।
কটিত মেখলা গাৱে বাঘ্ চাল ফটা ।।
পীন স্তন উব্ধ জঙ্ঘা স্থূল দেহ গোৰা ।
পিঠিত সবাৰো আছে শাক লোৰা কুৰা ।৷
কিৰাতৰ নাৰী যেন সবে সেহি বন্ধে৷৷
ফুটি যাই নাক কান গাৱৰ দূৰ্গন্ধে।৷
হাসি হাসি কিৰাতক পুচিলা অৰ্জ্জুনে ।
কোথা হন্তে কোন তুমি ফুৰা বনে বনে॥
নাৰীগণ সঙ্গে দেখো তুমি একেশ্বৰ।
সিংহে ব্যাঘ্ৰে খাইবে পাৰে ৰাক্ষসতো ডৰ।৷
কিৰাতে বোলন্ত বাৰু ইকথা থাকোক ।
পৰ্ব্বত নিবাসি আমি সবে নৰা লোক।৷
.....পুৰুষৰ এহি নিজ গাঁও।
......থাকি পহু মাৰি আলু খানি খাও৷।