পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
কিৰাত পৰ্ব্ব

যতেক কিৰাত তাৰ মই অধিকাৰী।
লগত দেখস মানে মোৰ পটেশ্বৰী।।
কোথেৰ তপসী অৰে পাপিষ্ঠ অধৰ্ম্ম।
কপটে জঁতীয়া মিচা গাৱে ব্যাঘ্ৰ ছৰ্ম্ম।।
শৰ হনা বাবাহক খেদি আনোমই।
কিয় মোৰ বৰাহক মাৰ কৈৰ তই।।
হাক দিলো তপসীয়া নুশুনিলি হাক।
মৰিবাক খেদি দ্বণ্ড কৰ যমবাইক।।
অৰ্জ্জুনে মনত কোপে চক্ষু পকাই চান্ত।
কছাৰি গোটেও মোক ইসত চিবান্ত।।
ঘিনে বান্তি আসে তোৰ গাৱৰ গন্ধত।
আন কিছু নাহি জানো তোহোৰ মহত।।
সথা নানয় তথা নথাকি ক্ষণেক।
ধিক ধিক বিদেশক আসিলো কিশক।।
ইতৰৰ আশাবেক সহীবো আছোক।
দিবো সেকা আৰু যদি কিছু বোলে মোক
সমোধি বোলন্ত ঐৰ বৰ্ব্বৰ কিৰাত।
এতেক গৰ্ব্বক তই কম কাহত।।
মোৰ বৰাহক আগে আছ শৰ কৰি
কিশক মাস তই পাপীষ্ঠ কছাৰি।।