পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কিৰাত পৰ্ব্ব।
————————————————


এহি বুলি হাতে তুলি লৈল। ধনুঃশব।
গুণত ষুড়িলা আনি সৰ্প মুখ শৰ।।
কিবাতে তহীতে আসি পাইলে ধনু ধৰি।
সৰ্প সম শৰ ষুড়ি তাক লক্ষ কৰি।।
অৰ্জ্জুনেও মাৰে শৰ লক্ষ কবি তাক।
ডাক দিয়া কিবাতে দুৰতে দিলেক হাক।।
কিৰাতৰ হাক ডাক অবহেলি মনে।
বাবাহক এক শব মাৰিলা অৰ্জ্জুনে॥
কিবাতে মাবিলা এক শৰ সেহি চেগে।
দুইবো শৰ বৰাহত পবে একে লগে।।
নিৰ্ঘাত সবদ ঘোব ভৈলা বিপৰীত।
মায়াবী ববাহ মৰি পৰিলা ভূমিত।।
পাঁচতে অৰ্জ্জুনে পাইলা কিৰাতক ভোট।
দুই চক্ষু ঢ়েলা তাৰ গুলৈ হেন পেট॥
উল্লাসিল দুই ওষ্ঠ নাক মুষ্টি কব।
তাম্ৰ শলা যেন গোঁফ আঠ দশ চুব।।
বিপৰীত মুখ যেন কুবিল খগবা।
পিঠিত হাৰ্থীয়া খব আঙ্গলেক চৰা।।
ঘাঁৰ কুঁজা পিঠি মেচা হীয়া খান খাল।
আঙ্কোৱালি দুই হাতে নপাৱে কঙ্কাল।।