পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কিৰাত পৰ্ব্ব।
—————————————————————

মোহোৰ মায়াত যদি হৈবে পাৰে স্থীৰ।
তেবে সে খাবে সিটো ভাৰ পৃথিবীৰ ৷।
এহি বুলি বৃষভ যানৰ নামি হৰ।
কিৰাতৰ বেশ ধৰি গৈলা একেশ্বৰ।।
হেন দেখি পতিব্ৰতা দেবী ভগবতী।
সেহি ৰূপ ধৰি লগে চলিলা পাৰ্ব্বতী।।
চৌষষ্ঠি যোগিনীগণ লড়িলা লগত।
কিৰাতৰ নাৰী যেন সবে সেহি মত।।
হাতে ধনু শঙ্কৰ পিঠিত শৰ টোন।
পশিলা যিস্থানে তপ কৰন্ত অৰ্জ্জুন।।
চাপ চুপ দণ্ড খানি পাতো বুলি চলে।
বাৰাহেক পাঠাইলা আগত মায়া বলে।।
থুলন্তৰ চাৰি খৰা উৰু জঙ্ঘা চুটি।
ভয়ঙ্কৰ পেট তাৰ ভূমি যাই লুটি।।
উল্লসিলা লোমগণ সিঁহৰিলা গাৰ।
অৰ্জ্জুনৰ আগে গৈলা পৰ্বত আকাৰ।।
অৰ্জ্জুনে বোলন্ত দেখি জানিলো আভাষ।।
বাৰাহ নোহয় ইটো মায়াবী ৰাক্ষস।
একেশ্বৰ দেখিয়া খাইবাক খোজ মোক।
শৰ হানি পাপীষ্ঠক পেশো যম লোক।৷