পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কিৰাত পৰ্ব্ব।
————————————————

এক দুই তিন হাত  কাৰো ভৰি পাঞ্চ সাত
 দীৰ্ঘজঙ্ঘা উৰু দুই চুটি।
কাবো কাণ এক খান  কঙ্কুল খানৰ মান
 ভূমি চুই লড়ি যাই লুটি।।
কত ৰোম গৈয়া চড়ি   গুলৈ পেট যুৰুণ্ডিয়া
 হীয়া দেহা ছএ নালপ্ৰাই।
কাৰো দুইহাত খণ্ড  উষ সৰা নালী গণ্ড
 কবন্ধ আকাৰ সীমা নাই।
পলাই পশু পক্ষীগণ  চাড়িয়া বিবৰ বন
 অদভূত দেখি বিপৰীত।
পৰ্ব্বতৰ নদী নদ  দঢ়ে সব নিশৱদ
 কাংসপৰি যেন গৈল জীম।।

—————

বৈশম্পায়ণ নিগতি শুণা জম্মিজয়।
পলাই পশুপক্ষীগণ শঙ্কৰক ভয়।।
নন্দী ভৃঙ্গী আদি কৰি সকলো সেনাক।
বিদূৰতে শঙ্কৰে বোলয় থাক থাক।।
মনে আলছিলা মই একেশ্বৰে যাও।
অৰ্জ্জুনৰ বলবীৰ্য্য জিজ্ঞাসিয়া চাও।।