পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কিৰাত পৰ্ব্ব৷


আপুনি মহেশ জানিয়া অশেষ
প্রভু কৰা প্রতিকাৰ।।
——————

দেবতাৰ হেন  বাণি শুণি বঙ্গে শূলপানী
হাসি হাসি বুলিলা দেবক।
আক আমি জানােভালে  দেবতাৰ অধিকাৰ
নলৈবেক নলৈব স্বৰ্গক।।
তুমি সবে দেবগণ   নুবুজিলা তাৰ মন
কি কাৰণে কৰে উগ্ৰতপ।
কাৰ্যক নপাইলা শুধি  হৰু ৱাইলা শ্রুতি বুধি
লেজুক দেখিয়া বােলা সাপ।।
অৰ্জ্জুনৰ কাৰ্য্য সবে  আজি মই সোধো গই
তোমা সব যােৱা নিজস্থান।
এহি বুলি দড় দড়ি  বৃষভ ৰাহনে চড়ি
চলি গৈলা জগত ঈশান ।।
লগত পাৰ্বতী দেবী   অৰ্জ্জুনক চাও বুলি
ছৌষষ্টি যােগিনী লৈয়া সঙ্গ।
চলি গৈলা হৰগৌৰী   বৃষভ বাহনে চড়ি
অতিশয় কৰি মহাৰঙ্গ ।।