পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কিৰাত পৰ্ব্ব।

আগত নাৰদ   দিব্য বিনা বাই
  গাৱন্ত কৃষ্ণ ছৰিত।
দেব ঋষিগণ   যতেক দেখিলা
  কেহো নুবুজিলা আশ।
সবে আলোচিয়া   কৈলাস গিৰীক
  গৈলা শঙ্কৰৰ পাশ॥
ভয়ে দেব গণ   চাপৰি চাপৰি
  প্ৰণামিলা জানু শীৰ।
কব যোড়ে সবে   শঙ্কৰ গোঁসাইৰ
  আগত দিলে গোছৰ॥
অৰ্জুনৰ উগ্ৰ   তপক দেখিয়া
  সবে ভৈলা মহাভয়।
নাজানো তোমাত   কিবৰ সাধয়
  পাণ্ডুপত্ৰ ধনঞ্জয়॥
আগে যিবা আছে   জানয় সকলে
  পৃথিবীৰ ৰাজা তাত।
আৰু কোন কাৰ্য্য   সাধিবাক প্ৰতি
  আছৰে তপস্যা ব্ৰত॥
কিবা ইন্দ্ৰপদ   কাড়ি লৈবে খোজে
  দেবতাৰ অধিকাৰ।