পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কিৰাত পৰ্ব্ব

পদ বৃদ্ধাঙ্গুষ্টি আগে যে ৰহিয়া
 থাকিলন্ত ভূমি চুই॥
শীত বাত বৃষ্টি  সহি অবিশ্ৰান্ত
 দুঃখ বড় আসৰীষে।
মাথাত পিঙ্গটা  ভৈল পঙ্গ জটা
 ধুম্ৰ বৰ্ণ দেহা ক্লেশে॥
নিয়ম যতনে  কায় বাক্য মনে
 নাশা চক্ষু দান্ত কৰ্ণ।
কেবলে হৰত একছিত্তে আতি
 লাগিলা মনে ধিয়ান॥
মুখৰ অগণি  ঝাকে বাহিৰাই
 দশো দিশ ধুম্ৰ ময়।
অৰ্জ্জুনৰ হেন তপক দেখিয়া
 দেবগণ ভৈলা ভয়॥
ইন্দ্ৰ ছন্দ্ৰ সুৰ্য্য নৈৠতি পবন
 কুবেৰ যম বৰুণ।
সবে বোলে জানো  মোৰ পদ কাঢ়ি
 লৈবাক খোজে অৰ্জ্জুন॥
কৌতূকে আছন্ত  জগত ঈশান
 পাৰ্ব্বতী দেবী সহিত।