পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
কিৰাত পৰ্ব্ব।
————————————————

নিস্কিঞ্চ টিপচী গৰুড়ক দেই ধাৰ।
সাস্থূৰীয়া চাগে সাগৰৰ হােৱে পাৰ।।
বাসুকি সৰ্পৰ-হাতে ভাঙ্গিলস দান্ত।
কোপীত সিংহৰ গাৱে বিচাৰস আন্ত।।
কালে তােক গ্রাসিলেক গৰল বিষ খাস।
অগ্নিত পতঙ্গ যেন মৰিবাক চাস ।
গাণ্ডীব ধনুক মোব নতু পাস যােৰ।
যমৰ থানত পাট মলচিল তােৰ ।।
এহি বুলি ধনুখান কৰিলা টঙ্কাৰ ।
কিৰাতে বােলন্ত বল বুজু আজি তােৰ ।।
দেখন্তে তপসী জণ্টা বা চাল গা’ত।
সেন্থৰে নেড়িবো মই জঁটীয়া কিৰাত ।।
থাকি এহি পৰ্বতত শাক আলু খাও।
খৰৰ খজতি আজি কিছু পলুৱাও।।
গৰ্ব্বীত বছন হেন শুনি কিৰাতৰ।
ধনুত অৰ্জ্জুনে আনি যােড়ে পঞ্চে শৰ ।৷
মাৰস তপসী তই তাহাকে সে চাওঁ।
বিষ্টৰ দিবস যঝিবাক নাহি পাওঁ ।।
লহ লহ জিহ্বা খান বৈৰী নিপাতক।
মাৰিলা অৰ্জ্জুনে পাঞ্চশৰ কিৰাতক।।