পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কিৰাত পৰ্ব্ব ।

————————————————
শুণি আছো দূৰাছাৰ কৰস গঞ্জাৰ।
সেহি দোষে আজি তোৰ মুচৰিবো ঘাঁৰ।।
মাথাৰ ওপৰে তোৰ যম কাল নাছে।
মোৰ ঘোৰ অস্ত্ৰে ঠাই কৰি বধো পাছে।।
কিৰাত বদতি তই মৰিতে বাঞ্চস।
শৰহনা বৰাহক খেদিয়া মাৰস।।
হাক দিলো তপসী মাৰস গৰ্ব্ব কৰি।
বৰাহৰ লগে তোক কৰিবো,অন্তৰী।।
হাসিলি তপসী খৰীয়া দেখি মোক।
আসে যদি ইন্দ্ৰ তাতো ৰাখে কোনে তোক।
খৰীয়া কিৰাতৰ আজি বুজা কেনে বল।
জীবাক খোজস যদি পশু এড়ি চল।।
অৰ্জ্জুনে বোলন্ত থাক ইতৰ কছাৰি।
নষ্ট দুষ্ট পাপীষ্ট অধম গৰ্ব্বকাৰী।।
তোক লাগি ইন্দ্ৰ দেবে আসিবন্ত সাজি।
মোৰ আগে কেন মতে পশু নিবি আজি।।
বনৰ বানৰ সমে থাকস ওছৰে।
সাপ বেঙ্গ খাই জীয় পৰ্ব্বত গহ্বৰে।।
উদৰ মুখত যেন কৰ্পুৰৰ বাস।
ফেঞ্চা কি জানস ৰাজহংসৰ বিলাস।।