পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কিৰাত পৰ্ব্ব।


 
ক্ষণে উঠি গীত গান্ত  মুখে ডিব ডিব বা'ন্ত

হাসন্ত ভূতেও চিবাই বুলি ।
অনেক ভকতি ভাৱে  ধুলায়ে ধূসৰ গাৱে
নাছন্ত দুহাতে তুলি তুলি ।

————


এহি মতে পাণ্ডু  তনয় অৰ্জ্জুন
হবক আবাধি তাত ।
কবিলা তথাত  ব্ৰত ষড় ৰাত্ৰ
পাৰণ লেখা নপাও ।।
পক্ষ উপবাস  ব্ৰতক আছৰি
ভৈল কত দিন মান ।
ষোড়শ দিনত পাৰণ কৰন্ত
গণ্ডুষেক জলপান ।।
পাচে কতো কাল  আছিলা অৰ্জ্জুন
পূৰ্ণ মাস উপবাসে ।।
বায়ু ভক্ষী ব্ৰত  পাৰণা কৰন্ত
স্বৰ্গক যাইবাৰ আশে।।
অনন্তৰে তপ  কৰম্ভ অৰ্জ্জুন

উৰ্দ্ধ কৰি বাহূ দুই ।