পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কিৰাত পৰ্ব্ব
————————————————————

ইন্দ্ৰে বুলিলন্ত বাপ   এৰা মহা হৃদিতাপ
  পৰীক্ষা কৰিলাে কথা শুন।
উপায়েক বােলাে কৰ,   সকল পাতক হৰ,
  শঙ্কৰক আৰাধা অৰ্জ্জুন।।
তােক আসি ত্ৰিলােছনে   তুষ্ট হুয়া তেতিক্ষণে
  দেখা দিবে জগত ঈশান।
শুদ্ধ হুই স্বর্গে যাইবা   দিব্য অস্ত্র তথা পাইবা
  এহি বুলি ভৈলা অন্তর্ধান ।।
অৰ্জ্জুনে তহিতে ৰই   গঙ্গাৰ তিৰক গই
  অশ্বস্থ বৃক্ষৰ মূলে চাপি।
ভিণ্ডী একপাতি সম   পৰত ব্যাঘ্ৰ ছৰ্ম্ম
  মৃত্তিকা শঙ্কৰ তাতে থাপি।।
পূজাব সম্ভাৰ যত   বিছাবিলা পৰ্ব্বতত
  ফল মূল বেল দূৰ্ব্বাপাত।
হাইঠা ভখৰা ভেৰা   কণক ধতুৰা এৰা
  শঙ্কৰৰ প্ৰীতি যা’ত যা’ত।
নিবীড় অৰণ্যে বসি   এক মনে ধ্যান কৰি
  পুজন্ত জপন্ত শিব নাম।
ফুৰি ফুৰি মন্ত্ৰপঢ়ি   প্রণমিয়া পড়ি পড়ি
  দণ্ডবতে কৰন্ত প্রণাম ॥