পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
কিৰাত পৰ্ব্ব

প্ৰাণী হিংসা যুদ্ধকৰ্ম্ম নিন্দে সাধুবৰ্গ।
নলাগয় অস্ত্ৰ আহা এহি মতে স্বৰ্গ ।।

অৰ্জ্জুনে বোলন্ত মোক  নালাগে নালাগে স্বৰ্গ
 স্বগত বা কৰিবোহো কিস।
ধৃতৰাষ্ট্ৰ, নৃপতিৰ  শত পুত্ৰ জীবে মানে
 অমৃত মোহোৰ মনে বিষ||
দোৰ্য্যোধন ৰাজা ঐত সুখে ৰাজ্য ভূঞ্জিবেক
 সুখে কৰ্ণ জীবেক শকুনি।
চাৰি ভাইক এড়ি সেবে একলে স্বৰ্গক যাও
 লোকে মোক কি বুলিবে শুনি।।
আজি কালি কৰি তথা বাট চাই থাকিবেক
 দিন বাৰ গতি নিতে নিত।
অস্ত্ৰশিখি নজাও যেবে বনত মৰিবে তেবে
 মোহোৰ বিৰহে শোকাগ্নিত।।
কৌৰবৰ শতভাই সমবত এক ঠাই
 যাবে পিণ্ড নেদো শকুনিৰ।
আছোক স্বৰ্গক এড়ি  ইন্দ্ৰ পদ নলাগয়
 কৰ্ণৰ নাকাটো যেনে শিৰ।।