পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কিৰাত পৰ্ব্ব।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
আমাৰ বচন শুনা এৰা ধনুঃশৰ।
যিবা মনোবাঞ্চা তুমি লোৱা সেহি বৰ॥
অৰ্জ্জুনে বোলন্ত গুৰু প্ৰণামো চৰণ।
সাক্ষাততে বিষ্ণু তুমি পবিত্ৰ ব্ৰাহ্মণ॥
বচনে সপিবে পাৰা দিবে পাৰাধন।
শুনিওক যি কাৰণে ধৰো ধনুৰ্ব্বাণ॥
হও ক্ষত্ৰ জাতি আমি স্বভাবে দাৰূণ।
পাণ্ডুৰ তনয় মোক বোলয় অৰ্জ্জুন॥
বিস্তৰ কথাক কিবা কহিবো বিশেষ।
যদি বৰ দিবা মোক দিয়া উপদেশ॥
যেন মতে ইন্দ্ৰ হন্তে দিব্য অস্ত্ৰ পাও।
কহিও উপায় গুৰু আৰাধিবে চাও॥
ব্ৰাহ্মণে বোলন্ত বাপু শুনা ধনঞ্জয়।
মই ইন্দ্ৰ আসি আছো জানিবা নিশ্চয়॥
দিও বৰ লোৱা মনে বাঞ্চা কৰা যাক।
অৰ্জ্জুনে বোলন্ত অস্ত্ৰ দিওক আমাক॥
ইন্দ্ৰে বুলিলন্ত বাপু অস্ত্ৰে কি কৰিবা।
অকাৰণে মহাঘোৰ যুদ্ধক লভিবা॥
আগে যুদ্ধ কৰি মহাদুঃখে লৈবা ৰাজ।
পাচে যজ্ঞ কৰি স্বৰ্গ পাইবা এহি কাজ॥