পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০
কিৰাত পৰ্ব্ব ।

———————————————
মন্দৰ শিখৰ তাত আতি মনোৰম।
সন্নিহিতে গঙ্গা বহে বিচিত্ৰ উত্তম।।
নানাবিধ তৰুলতা ফল ফুল বন।
বাৰমাসে পাই তাত যাৰ যিবা মন।।
তাক এড়ি অৰ্জ্জুনে যে যাহান্তে আছন্ত।
ৰহ ৰহ আকাশি বচন শুনিলন্ত।।
সচকিতে দশোদিশে চাহান্তে অৰ্জ্জুনে।
কৈত কিবা ৰহ ৰহ বুলিলন্ত কোনে।।
নিৰ্জ্জন বনত গম্য নাই মনুষ্যৰ।
কি হেবা মাতিলে দেব যক্ষ নিশাচৰ।।
এহি বুলি আগ পাচ চাহন্তে পৰ্ব্বতে।
দেখিলা ব্ৰাহ্মণ গুটি অশ্বস্থ মূলতে।।
অৰ্জ্জুনক চাহি হাসি বুলিলা ব্ৰাহ্মণে।
কোথা হন্তে কিসক ফুৰাহা বনে বনে।।
তপসীৰ বেশ দেখো লগে ধনুঃশৰ।
অনুমানে বুজু তুমি ৰাজাৰ কোঁঞঁৰ।।
যদি তপ কৰা ধনুশৰে কিবা কাজ।
যদি যুদ্ধখোজস যুদ্ধৰ নোহে ৰাজ।।
মহাঋষিগণ আত সবে সাধুবৰ্গ।
আতে থাকি তপ কৰি সাধে সাতো স্বৰ্গ।।