পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব্ব ।

———————————————
অনেক দিনৰ বাট চাড়ি দূৰ্গপস্থ
একদিনে পাইলা গৈয়া ৰাজা হিমবন্ত।।
নানা ধাতু ৰত্নে গীৰি কৰে জাতিস্কাৰ।
যাহান্তে যােজন হৱে অনেক হাজাৰ ।।
নানা ৰত্নে কান্তি চন্দ্র সূৰ্যৰ জেউতি।
জলৈ মহৌষধিগণ নাহি দিন ৰাতি।।
তথা হন্তে গঙ্গাদেবী পবন্ত তহিত।
তীৰ্থৰাজ ব্ৰহ্মপুত্র বহন্ত লােহিত।।
আনাে অসংখ্যাত যত বহে নদী নদ।
দেব দিব্য দীঘি সব তাত বিদগদ ॥
বিচিত্র কন্দৰ সব বসে সমুন্নত।
নানাপক্ষী নাগগণ মুখ সুশােভিত।।
যুথে যুথে হস্তীসবে চৰে ৰাত্ৰি দিনে।
সিংহ সৰভ ব্যাঘ্ৰ বৰাহ হৰিণে।।
ভালুক বানৰ সব মহিষৰ পাল।
চামৰীয়া পশু চলে অসংখ্য়াত পাল।।
জাকে-জাকে কৃষ্ণসাঁৰ দেখিতে অসংখ্য।
পালে পালে শশী গান্ধ গড় লক্ষ লক্ষ।।
হেমন্ত পৰ্ব্বত যত গীৰিত প্রধান।
সিধা মুনি গন্ধৰ্ব্ব যে দেবতাৰ স্থান।।