সমললৈ যাওক

পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব্ব।


পিঠিৰ ওপৰে, অক্ষয় দুই টোন,
  জপি যাও সদাশিব ৷৷
ছাড়িলা বিস্তৰ, পৰ্ব্বত কন্দৰ,
 নদী নদ অপৰ্য্যন্ত।
মনুষ্যৰ তাত,  সমাগম নাই,
  ধৰিলা নিৰ্জ্জন পন্থ।।
শাল তাল বেল,  সৰল পিয়াল,
  খৰ্ভ্ভুৰ কনক চম্পা।
অমাৰি গমাৰি,  ডিম্ৰু পাকৰি,
  সেফালিকা বাজ চম্পা।।
দূৰ্গম গহন, বৃক্ষলতাগণ,
 অসংখ্যাত বেত বাংস।
দিবা ৰাত্ৰি সন্ধ্যা,  একোকে নজানি,
 ৰবিৰ নাহি প্রকাশ।।
হাতত গাণ্ডীব, একেশ্ববে যান্ত,
 হিমবন্ত গীৰি ঠাই।
সিংহ ব্যাঘ্র দৈত্য,  ৰাক্ষস পিশাচ,
 দূৰতে দেখি পলাই।।