পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিৰাত পৰ্ব
_____________________

এহি বুলি লৈলা হাতে ধনু টোন বাণ।
স্বস্তিকাদি বাক্য পাচে বুলিলা ব্ৰাহ্মণ।।
ভনিলা কংসাবিপদ এড়া আনকাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।


অগ্নিক প্ৰণাম,  কৰিয়া অৰ্জুন,
প্ৰদক্ষিণ সাত বাৰ।
ধৌম্য পুৰুহিত,  সহিতে বিপ্ৰক,
কৰিলন্ত নমস্কাৰ।।
ধৰ্ম্ম ভীম দুইৰো,  চৰণে নমিয়া,
আশ্বাসিয়া দ্ৰৌপদীক।
মাদৃসুত দুইকো,  বচনে সাদৰি
চলি গৈলা উত্তৰক।।
দ্ৰৌপদী অশেষ,  মঙ্গল কৰিলা,
দ্বিজগণে আশ্বাসিলা ।৷
আকাশত দেবে,  দুন্দভি বজাইলা,
দিব্য পুষ্প বৰসিলা ।।
পাৱত সন্নহা,  চড়াইলা অৰ্জ্জুন,
হাতত ধনু গাণ্ডীৱ ।