[ অনন্তৰ প্ৰবেশ ]
অনন্ত- আৰু যদি মৰিব খুজিছা, কি?
বীৰেন্দ্ৰ- পিতৃ হত্যাকাৰী পিশাচ!
অনন্ত- হাঃ হাঃ হাঃ! ব্ৰহ্মতালু! ব্ৰহ্মতালু! ব্ৰহ্মতালু!
বীৰেন্দ্ৰ- পৰিষ্কাৰ ৰাখিছো, আহ।
[ যুদ্ধ। অনন্তই অস্ত্ৰাঘাত কৰি বীৰেন্দ্ৰক পেলাই দি, বুকুৰ ওপৰত বহি ]
অনন্ত - বীৰেন্দ্ৰসিংহ, বিজয়সিংহৰ বিশ্বাসী ভৃত্য, চন্দ্ৰভাগাৰ তীৰত অনন্তক অপমান কৰাৰ শাস্তি এয়ে! [ তৰোৱাল বুকুত সুমাই বধ কৰে; উঠি ] বিজয়সিংহ, প্ৰতাপসিংহ আৰু কমলা, ক্ষন্ত্বেক অপেক্ষা কৰ।
[ প্ৰস্তান ]
[ বিপৰীত ফালৰ পৰা সুৰ্য্যসিংহৰ প্ৰবেশ ]
সূৰ্য্য- যুবৰাজে কালান্তক মূৰ্তি ধৰি একালৰ পৰা;কামৰূপী সৈন্য সংহাৰ কৰিছে। ইমান চেষ্টা কৰিও বাধা দিব পৰা নাই। মোৰ ডেৰ লক্ষ সৈন্য ৰণত পৰিল! ইফালে বিজয়সিংহ নিজে যুদ্ধলৈ আহিছে। কি কৰো! [ চিঞৰি ]মন্ত্ৰীপুত্ৰ, মন্ত্ৰীপুত্ৰ!
[ প্ৰতাপসিংহৰ প্ৰবেশ ]
প্ৰতাপ- মন্ত্ৰীপুত্ৰৰ পৰিবৰ্তে প্ৰতাপসিংহ আহিছে। [ তৰোৱাল দেখুৱাই ] আলিঙ্গন কৰাঁ।
সূৰ্ষ্য- আপত্তি নাই।