৫ম দৃশ্য--কাশ্মীৰ নিৰ্জন নাট। ( চিন্তাযুক্ত ভাবে মন্ত্রী প্রবেশ ) 1 মন্ত্রী নিজে নিজে ] মহাৰাজ অজয়সিংহৰ দিনৰ পৰা ৰাজমন্ত্ৰীৰ বাৰ লৈ জীৱনৰ এই সন্ধিয়া পৰলৈকে কৰ্তব্য পালন কৰি আহিছে। বিজয়সিংহ আৰু কমলাক কোলাত তুলি ডাঙৰ কৰিছে। কাশ্মীৰৰ উন্নতিৰ কাৰণে সকলো স্বার্থ ত্যাগ কৰি আহিছে। ভাবিছিলো, শেষৰ দিনা অশেষ সম্পদশালিনী কাশ্মীৰৰ চৰণ ধূলি শিৰত লৈ হাঁহি হাঁহি মৰিব পাৰিম। কিন্তু সি হৈ নুঠিল। মদমত্ত্ব বিশ্বসিংহৰ বিষ নিশ্বাসত কাশ্মীৰৰ সুবর্ণ কান্তি জয় পৰিল ; স্বর্ণলঙ্কাৰ ভূষিতা, দীন ভিক্ষাৰিণী হ’ল। [ ৰৈ নিৰ্বলীৰ ওপৰত বলীৰ প্রভূত্ব যুগধর্ম, তাত আক্ষেপ কৰিব লগীয়া একো নাই। কিন্তু কুলাঙ্গাৰ অনন্তই কৰিলে কি! তান্নদাতা মহাৰাজ বিজয়সিংহৰ বুকুত অস্ত্রাঘাত কৰিলে। আৰু মােৰ জন্ম- দাতা পিতা মই তাৰ, মােৰ নিষ্কলঙ্ক শুত্ৰ শিৰত নিকৰুণ পদাঘাত কৰিলে। এদিন যি কাশ্মীৰে মােক দেৱতাৰ দৰে পূজা কৰিছিলে, আজি সেই কাশ্মীৰত মই যেন এটা গো- ব্রাহ্মণ হত্যাকাৰী মহাপাপী। যেনিয়েই যাওঁ তাতেই ঘৃণা- বিদ্রুপ, অৱজ্ঞা ৰাজসভাত সভাসদে ইঙ্গিতেৰে আভাষ ৰাজপথত দিয়ে,-তােমাৰ পুত্ৰ অকৃতজ্ঞ, বিদ্রোহী।