পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
[ ৪র্থ অ ৫ম দৃ
কাশ্মীৰ কুমৰী


প্ৰজাই অঙ্গুলিয়াই কয়,—সৌটো ৰাজদ্ৰোহী অনন্তৰ পিতা ৰাজমন্ত্ৰী!” ভগবান, আৰু কিয়? এই অভিশপ্ত অপমানিত জীৱনৰ আৰু আবশ্যক কি? [ চুৰি উলিয়াই] আহ মৃত্যু, আহ বিশ্ববিজয়িনী, তোৰ শান্তিময় কোলাত বিশ্ৰাম লৈ আজি মোৰ সকলো দুখ, সকলো সান্তাপ দূৰ কৰো। [আত্মহত্যা কৰে ]

[বীৰেন্দ্ৰ সিংহৰ প্ৰবেশ ]

বীৰেন্দ্ৰ- মহাৰাজ আৰু সেনাপতিৰ আদেশ সৈন্য সংগ্ৰহ কৰা, অশিক্ষিত কাশ্মীৰী যুবক অস্ত্ৰশিক্ষাত দীক্ষিত কৰা। কিন্তু,-[ মন্ত্ৰীৰ মৃতদেহ দেখি } ই কি? কাৰ দেহ? [ ওচৰলৈ আহি ] এ, মন্ত্ৰী! ৰক্তৰঞ্জিত কাশ্মীৰৰ মন্ত্ৰী। মন্ত্ৰী, মন্ত্ৰীবৰ। নাই, অসাৰ নিস্পন্দ! কোনে হত্যা কৰিলে। কোন মহাপাপীয়ে এই পবিত্ৰ প্ৰাণ অপহৰণ কৰিলে। মহাৰাজ, মহাৰাজ মন্ত্ৰী, মন্ত্ৰী!

[ এখন তেজেৰে ৰাঙলী পত্ৰ মন্ত্ৰীৰ গাৰ পৰা উলিয়াই আনি পঢ়ি ]

আত্মহত্যা। পুত্ৰৰ দোষত পিতাৰ প্ৰাণ বিসৰ্জন।