পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ৰ্থ দৃশ্য—কাশ্মীৰ প্ৰাসাদ কই ( বিষন্ন মনেৰে বিজয়সিংহৰ প্ৰবেশ ) বিজয় নিজে নিজে এনে এটা দিন নগল, যিদিনা শান্তিৰে নিশ্বাস লব পাৰিলে॥ দিনে ৰাতিয়ে কাশ্মীৰৰ চিন্তাই মোক ব্যাকুল কৰি তুলিছে। কাশ্মীৰৰ আৰু আগৰ শ্ৰী নাই। কাশ্মীৰ আজি শক্তিহীন, সম্পদ বিহীন; ইফালে অন্তঃপুৰত পূৰ্ণযুৱতী কমলা আজিও অবিবাহিতা। [হুমুনীয়া কাঢ়ে; মন্ত্ৰী আৰু প্ৰতাপৰ প্ৰবেশ ] মন্ত্ৰীবৰ যিমান সোনকালে পাৰে কমলাৰ বিবাহৰ আয়োজন কৰক। মন্ত্ৰী-[ আচৰিত হৈ ] বিবাহৰ আয়োজন! পাত্ৰ ক'ত মহাৰাজ? বিজয়পাত্ৰ বিচাৰি উলিয়াব লাগিব। ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈ আকৌ এবাৰ দূত পঠাওক। অ’ শুনিছে। অৱন্তী পুৰৰ ৰাজকুমাৰ বিদ্বান, বুদ্ধিমান আৰু ৰূপৱস্ত , সেয়ে যদি হয়, অবন্তীপুৰে কাশ্মীৰৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ বোধকৰো অমান্তি নহব। প্ৰতাপ—অৱন্তীপুৰৰ যুৱৰাজ প্ৰদীপকুমাৰ মোৰ পৰিচত। প্ৰদীপকুমাৰ ৰাজকুমাৰীৰ যোগ্য পাত্ৰ। বিজয় -তেন্তে মন্ত্ৰী, প্ৰথমে অৱন্তীপুৰলৈকে দূত পঠাওক? মন্ত্ৰী—ভাল মহাৰাজ।