পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



৪ৰ্থ অ—৩য় দৃ ]। কাশ্মীৰ কুমাৰী প্ৰত্যাহাৰ কৰি, পুনৰ তেওঁক পূৰ্বপদত নিযুক্ত কৰিবলৈ মোৰ একো আপত্তি নাই। কিন্তু যদিহে তেওঁ | [ বেগেৰে বিমলাৰ প্ৰবেশ ]। বিমলা—মহাৰাজ, সখী মূচ্ছা গৈছে। প্ৰস্থান ] বিজয়-কমলা মূচ্ছা গৈছে! সেনাপতি, সোনকালে ৰাজ বৈদ্যক সম্বাদ দিয়া [ প্ৰতাপৰ প্ৰস্থান। বিজয়, নিজে নিজে } বিজয়, তোৰ কপালত আৰু সুখ ন'হল। { প্ৰস্থান] ৩য় দৃশ্য, (গীত গাই গাই সন্যাসীৰ প্ৰবেশ ) সুখৰ মালতী পাহি দুখতে মৰহি গ'ল, সপোনৰ মধুপুৰী পুৱাতে নোহোৱা হ'ল। চিকুণী কুঁহিটি মেলি মলয়াত ঢউ খেলি আশাৰে আকাশীলতা নিৰাশাতে জহি গল। পৰশ পাথৰে গথা। সোণৰ কলচী পতা মনে সজা মায়া দল পচোৱাই ভাঙি গ'ল। [ প্ৰস্থান