৪র্থ অর্থ দৃ কাশ্মীৰ কুমাৰী [ প্ৰহৰীৰ প্রবেশ ] প্ৰহৰী ~~ এজন কামৰূপীয়ে অতি শীঘ্ৰে মহাৰাজক দেখা পাব খোজে । বিজয়-- মাতি আন, সসম্মানে। কামৰূপীৰ কাৰণে মােৰ প্রাসাদ উন্মুক্ত। [ প্ৰহৰীৰ প্রস্থান ] প্রাগজ্যোতিষৰ পৰা বোধকৰাে-- ( তানৰ প্রবেশ ] অনঙ্গ মহাৰাজ। বিজয় – ই কি! ই কি? [ সকলো আচৰিত হয় | অনঙ্গ আচৰিত হৈছে মহাৰাজ ? আচৰিত হ'ব লগীয়া একো নাই । বিজয় অপপানাৰ আজি এই বেশ কিয় যুবৰাজ ? অনঙ্গ-- মই আৰু যুবৰাজ নহওঁ; কামৰূপৰ এটি নগন্য প্রজা মাত্র। যাওক সেই কথা। কাশ্মীৰাধিপতি, কাশ্মীৰ ৰক্ষাৰ কাৰণে প্রস্তুত হওক। বিজয়-- কাশ্মীৰ ৰক্ষাৰ কাৰণে প্রস্তুত হব লাগে ? কাবণ ? অনঙ্গ পাঁচ লক্ষ কামৰূপী পুনৰ কাশ্মীৰ ধ্বংস কৰিবলৈ লৰি আহিছে। বিজয় - আকৌ কামৰূপী। প্রতাপ- যুবৰাজ, ইয়ে সম্ভব নে? অনঙ্গ- অসম্ভব একো নাই প্রতাপসিংহ। দ্বাপৰ যুগত যদি বালক অভিমন্যুক সপ্তৰথীয়ে হত্যা কৰিব পাৰে, এই