৬ কাশ্মীৰ কুমাৰী [ ৪ৰ্থ অ-১ম ধূ। বিশ্ব—আৰু পাঁচ লক্ষ সৈন্য লৈ পুনৰ কাশ্মীৰ যাত্ৰা কৰা কাশ্মীৰৰ এটি প্ৰজাকো জীবিত নেৰাখিব। বিজয়সিংহ আৰু কমলাক বন্দী কৰি আনিব। যদি নোৱাৰিবা, মনত ৰাখিব, ঘাটকৰ তৰোৱাল আৰু তোমাৰ মূৰ। ' [ সূৰ্যসিংহই মূৰ দোৱাই সন্মতি প্ৰকাশ কৰে ] মন্ত্ৰীপুত্ৰ। অনন্ত--মহাৰা। বিশ্বসূৰ্যসিংহৰ লগত সৈন্যধ্যক্ষ স্বৰূপে তুমিও যোৱ॥ তোমাৰ চিৰশৰ ওপৰত প্ৰতিশোধ লোৱ॥ অনন্ত—যি আদেশ। [ স্বগত ] বিজয়সিংহ, প্ৰতাপসিংহ আৰু বীৰেন্দ্ৰসিংহ, এইবাৰ। অন—কামৰূপৰ দীনহীন প্ৰজাস্বৰূপে এই নিৰ্মম হত্যাকাণ্ডৰ পৰা নিৰস্ত হবলৈ মহাৰাজৰ চৰণত সানুনয়ে প্ৰাৰ্থনাজনাইছে। বিশ্ব-মহাৰাজে সেই প্ৰাৰ্থনালৈ কৰ্ণপাত নকৰে। অঙ্গ-~-তেন্তে মোৰ জন্মভূমি প্ৰগেজ্যোতিষৰ ধৰ্ম্মৰক্ষাৰ কাৰণে, কাশ্মীৰত কামৰূপীৰ বিৰুদ্ধে ময়য় অস্ত্ৰ ধৰিবলৈ বাধ্য। বিশ্ব–[ খঙত অধৈৰ্য হৈ ] কি! • কামৰূপীৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবি। কোন আছ, এই কুলাঙ্গাৰক বন্দীকব, বন্দীকৰ। অনন্ত—মই বন্দী কৰিম। [ আগবাঢ়ে ]। অনঙ্গপৰপদলেহী কুকুৰ। গোৰমাৰি পেলাই দি ] অঙ্গিক বন্দী কৰিবলৈ প্ৰাগজ্যোতিষত জন্ম ধাৰণ কৰা। সূৰ্যসিংহ, এইবাৰ কাশ্মীৰত হব কামৰূপৰ অস্ত্ৰ পৰীক্ষা! পিতা বিদায়। [ প্ৰস্থান ]