পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



| ৪ৰ্থ অ—১ম দৃ] কাশ্মীৰ কুমাৰী ৫৫ কিয়? [ অনঙ্গ নিমাত ] নিমাত হ'লে নহব, উত্তৰ লাগে অনঙ্গ-সনাতন হিন্দু ধৰ্ম্মৰ গঙ্গাজলত সমগ্ৰ ভাৰতবৰ্ষ বিধৌত; পিতাৰ আদেশত ভাৰত তনয়া কাশ্মীৰৰ নীল বৰ্ণ বাৰিধাৰ। অৰুণিমা কৰিছো, কিন্তু তাৰ শ্বেতপদ্ম ছিঙি আনি অপবিত্ৰ কৰিবলৈ সাহ নহল। বিশ্ব-তেন্তে এটা আমোদৰ কাৰণে বত্ৰিশ কোটি মুদ্ৰা আৰু দুই লক্ষ কামৰূপী বীৰ, কাশ্মীৰত উটুৱাই দিবলৈ | তোক অধিনায়ক পাতিছিলো? অনঙ্গ—পিতা, তীক্ষ্ণতৰ তৰোৱালেৰে প্ৰতিশোধ নলৈ, প্ৰেম আৰু ক্ষমাৰে প্ৰতিশোধ লবলৈ শিকক। " বিশ্ব-শিক্ষাগুৰু শুক্ৰাচাৰ্য্য, তোমাৰ শিক্ষা মেক নেলাগে। কুলকণ্টক, ৰাজভক্ত সূৰ্যসিংহক অপমান কৰিছ, শুভাকাঙ্খী মন্ত্ৰীপুত্ৰক বন্দী কৰিছ, কিন্তু, যি মোৰ এই জীৰ্ণ বুকুত অপমানেৰে বজ্ৰাঘাত কৰি মৰ্ম্মাহত কৰিলে, তাক পূজা কৰি তাৰ চৰণত কাশীৰ ৰাজ্য নৈবেদ্য দি উভতি আহিছ। গুন নিলৰ্জ, আজিৰ পৰা তই মোৰ তেজ-পুত্ৰ। প্ৰোগজ্যোতিষৰ সিংহাসনত তোৰ কোনো অধিকাৰ নাই। তোৰ প্ৰেম আৰু ক্ষমাৰে পৃথিবী জয় কৰি তাৰ অধীশ্বৰ হৈ থাক। অনঙ্গ-মহাৰাজৰ আদেশ শিৰোধাৰ্য্য। মন্ত্ৰী--মহাৰাজ, মাতৃহাৰা ৰাজপুত্ৰবিশ্ব-কথা নকব। মন্ত্ৰী। সূৰ্যসিংহ। সূৰ্য-মহাৰাজ।