পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২য় দৃশ্য—ৰাজপ্ৰাসাদৰ বাৰাণ্ডা।

(বিষাদ মনেৰে কমলাৰ প্ৰবেশ )

কমলা—[ নিজে নিজে ] সেই, সেই বিশ্ববিমোহন মূৰ্ত্তি, পলকতে আহি পলকতে আঁতৰি গ'ল। দাদাক ৰাজ্য দিলে, মন্ত্ৰী সেনাপতিক মুক্তি দিলে, কিন্তু, মোক দিলে কি? ইমান দয়াশীল অথচ তুমি ইমান নিষ্ঠুৰ! পিতৃমাতৃ হীনা অভাগিনীৰ অন্তৰত সুখ-সপোনৰ এটি সোণালীৰেখা আঁকি, তাক মচি দিবলৈ কিয় দেখা দিছিলাহি। তোমাক কাশ্মীৰলৈ মাতিছিল কোনে? অন্তঃপুৰত সোমাবলৈ তোমাৰ কি অধিকাৰ আছিল! [ একেৰাহে এফালে চাই থাকি পুৰুষ, তুমি, নহয় নহয়, তুমি কাপুৰুষ। কাশ্মীৰত যুদ্ধ জয় কৰিবলৈ তুমি অহা নাই, আহিছিলা মোৰ বুকু ভাঙিবলৈ, মোক বাউলী কৰিবলৈ।

—গীত-

মোৰ পৰাণৰ গোপন ব্যথা
কবি গৈ পৱন বিৰহী কবিক
ৰচিব ৰঙ্গীন সপোন কথা।
মেঘালী ৰূথত সোণালী ৰেখা
যায় আঁতৰি, পলকে দেখা