পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



চতুৰ্থ অঙ্ক। ১ম দৃশ্য—নিশ্বাসংহ ৰাজসভা { সিংহাসনত বিশ্বসিংহ, এফালে অসিত চন্দ্ৰহংস, আনফালে থিয়হৈ সূৰ্য্যসিংহ, শৃঙ্খলাবদ্ধ অনন্ত আৰু এটা সৈনিক) বিশ্ব-সঁচা কথা কোৱ। কাশ্মীৰী, তোমাৰ একো ভয় নাই। অনন্ত - মহাৰাজ, কাশ্মীৰৰ সাত লক্ষ সৈন্য নিধন কৰি মন্ত্ৰী আৰু সেনাপতিক বন্দী কৰি যুবৰাজে কাশ্মীৰ অধিকাৰ কৰিছিল। কিন্তু প্ৰাগজ্যোতিষলৈ ঘূৰি অহাৰ আগতে মন্ত্ৰী আৰু সেনাপতিক মুক্তি দি যুবৰাজে কাশ্মীৰ ৰাজ্য পুনৰ বিজয়সিংহৰ হাতত সমৰ্পণ কৰিলে। বিশ্ব-- আৰু? অনন্ত সেনাপতি সূৰ্য্যসিংহই বিজয়সিংহ আৰু কমলাক | বন্দী কৰিব খুজিছিল, কিন্ত যুবৰাজে সেনাপতিক অপমান কৰি প্ৰসাদৰ পৰা খেদি দিলে। সূৰ্য— মোক অপমান কৰি খেদি দিলে মহাৰাজ॥ বি–[ অনন্তক ] তোমাক বন্দী কৰি আনিলে কিয়? অনন্ত— কাশ্মীৰৰ সেনাপতি প্ৰতাপসিংহক হত্যা কৰিব খুজিছিলো। সেইবাবেই যুবৰাজে মোক বন্দী কৰি আনিলে। বিশ্ব কিয় কাশ্মীৰৰ সেনাপতিক হত্যা কৰিব খুজিছিল? অনন্ত-কাশ্মীৰৰ সেনাপতি মোৰ চিৰ শত্ৰু। কূট প্ৰতাপসিংহই