মন্ত্ৰী- মহাৰাজ মই যুদ্ধলৈ যাওঁ। শত্ৰু ৰাজধানী সোমোৱাৰ আগতে যদি পাৰো
মোৰ ক্ষুদ্ৰ প্ৰাণ দি স্নেহময়ী কাশ্মীৰৰ ঋণ পৰিশোধ কৰোঁ।
বিজয়— আপুনি যে বৃদ্ধ। এনে অৱস্থাত-
মন্ত্ৰী- মহাৰাজ, আজি বৃদ্ধ বুলি আৰু বহি থাকিবৰ সময় নহয়! মোৰ বিপন্না
জননীৰ কৰুণ আহ্বান কাণত পৰিছেহি;আহত অৰ্দ্ধমৃত কাশ্মীৰী সৈন্যৰ
আৰ্ত্তনাদ এই প্ৰাসাদত প্ৰতিধ্বনিত হৈছেহি। কাশ্মীৰৰ আকাশ বতাহ, তৰু
লতা,পশু পক্ষীয়ে, কান্দি কান্দি চিঞৰি কৈছে, কাশ্মীৰ যায় যায়,কোন
ক’ত আছ, শত সাধনাৰ কাম্যভূমি কাশ্মীৰক ৰক্ষা কৰিবলৈ লৰি আহ!
ক্ষমা কৰিব মহাৰাজ, আৰু বিলম্ব কৰিব নোৱাৰো, আহিলো [ প্ৰস্থান ]
ৰত্না- আমাৰ পৰাজয় হৈছে বিজয়?
বিজয়- চিন্তা নকৰিবাঁ আই। মন্ত্ৰী যুদ্ধলৈ গৈছে; প্ৰতাপ আৰু বসন্ত এতিয়াও
জীয়াই আছে।
[ দুতৰ প্ৰবেশ ]
দূত- মহাৰাজ, আমাৰ সৈন্য এক মূহুৰ্ত্তও তিষ্ঠিব পৰা নাই। সেনাপতি বসন্ত
নিহত। শত্ৰু ৰাজধানী সোমাইছেহি। [ প্ৰস্থান]
বিজয়- বসন্ত নিহত! শত্ৰু ৰাজধানী সোমাল! সাত লক্ষ কাশ্মীৰী সৈন্যই পাচ লক্ষ
কামৰূপীক বাধা দিব পৰা নাই। কাশ্মীৰৰ শক্তি আজি কিহে কাঢ়ি নিলে।
কাশ্মীৰ, তোৰ ভাগ্যত এয়ে আছিল! ভগবান!