পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



৩য় দূগ্য-অন্তঃপুৰ। (শয্যাত ৰুগ্না ৰত্না। কাষত বিমলা, কমলা; মন্ত্ৰী। | আৰু বিজয়সিংহ। ৰত্না—বিজয়, মোৰ সময় চাপি আহিছে আৰু। বিজ্ঞয়তনে অমঙ্গলীয়া কথা নকবা আই। ৰত্না—মঙ্গল অমঙ্গল কি আছে , এদিন আহিছে। এদিন যাবই লাগিব। মনত মাত্ৰ দুখ থাকিল কমলাৰ কাৰণে। উস,। [ ৰৈ ] কমলা কলৈ গ'ল বিজয়? কমলা-[ ওচৰ চাপি ] কি লাগে আই? ৰত্না –এটোপা পানী দে আই। [ কমলাই পানী খুৱাই দিয়ে। ৰত্নাই কমলাৰ মূৰত হাত ফুৰাই ] আশীৰ্বাদ কৰিছো আই, কুশলে থাক। বিজয়, কমলাক গতালে॥ | [ দূতৰ প্ৰবেশ ] দূত--মহাৰাজ, যুদ্ধত আমাৰ পৰাজয় হৈছে। বিস্তাৰ পাৰত দুই লক্ষ কাশ্মীৰী সৈন্য নিহত। প্ৰবল বেগেৰে শত্ৰু ৰাজধানীৰ ফালে আগুৱাইছে। বিজয়পৰাজয় হৈছে। দুই লক্ষ সৈন্য নিহত। প্ৰতাপ আৰু বসন্ত কত? দৃত-অৱশিষ্ট সৈন্য লৈ শত্ৰুৰ সন্মুখীন হৈছে। [ প্ৰস্থান ] বিজয়—মন্ত্ৰী।