পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



দ্বিতীয় অঙ্ক।

১ম দৃশ্য—বিশ্বসিংহৰ ৰাজসভা

( সিংহাসনত বিশ্বসিংহ, সোঁ-হাতৰ আসনত মন্ত্ৰী চন্দ্ৰসিংহ

 আৰু বাওঁফালে থিয়হৈ সেনাপতি সূৰ্য্যসিংহ )

বিশ্বসিংহ-তেন্তে সূৰ্য্যসিংহ, তোমাৰ সিদ্ধান্তকে গ্ৰহণ কৰিলোঁ। পাঁচ লক্ষ সৈন্যৰেই

 যদি কাশ্মীৰ অধিকাৰ কৰিব পৰা যায়, অধিক সৈন্য নি অৰ্থ ক্ষয় কৰাৰ

 আৱশ্যক কি।

সূৰ্য্য-কাশ্মীৰৰ নিচিনা এখন ক্ষুদ্ৰ ৰাজ্য জয় কৰিবলৈ পাঁচ লক্ষ কামৰূপী সৈন্যই

 যথেষ্ট মহাৰাজ।

চন্দ্ৰ-ভালকৈ ভাবি চোৱাঁ সেনাপতি।

সূৰ্য্য-ইয়াত আৰু ভাবিবলৈ কি আছে মন্ত্ৰী ডাঙৰীয়া?

চন্দ্ৰ—কেনেবাকৈ যদি পৰাজয় হ'বলগীয়া হয়, প্ৰাগজ্যোতিষে আৰু ভাৰতৰ আগত

 মুখ উলিয়াব নোৱাৰিব।

বিশ্ব-সঁচা কথা সূৰ্য্যসিংহ। এই অভিযান ব্যৰ্থ হলে প্ৰাগজ্যোতিষৰ চিৰ-গৌৰৱ সুপ্ত

 হ’ব। যদি সন্দেহ আছে এতিয়াও সৈন্য সংখ্যা বঢ়াই লোৱাঁ।