২য় অ-১ম দৃ] কাশ্মীৰ কুমাৰী সূৰ্য— মই নিঃসন্দেহ মহাৰাজ। বিশ্ব-— উত্তম। তেন্তে ভূমি তিনি দিনৰ ভিতৰতে যাত্ৰা কৰিবলৈ আয়োজন কৰা। সূৰ্য- যি আদেশ; বিশ্ব মন্ত্ৰী, অনঙ্গক যুদ্ধলৈ পঠিয়ালে কেনে দেখে? চন্দ্ৰ ~ তেতিয়া যুদ্ধ জয় সহজ হ’ব। [ অনঙ্গ প্ৰবেশ ] কি কোৱা সেনাপতি? সূৰ্য্য-- যুবজে যদি নিজে সৈন্য পৰিচালনা কৰে, পাঁচ লক্ষ কামৰূপী সেনাবে কাশ্মীৰ কিয় গোটেই ভাৰতবৰ্ষ ক্ষয় কৰা সহজ। বিশ্ব-- [ অনঙ্গৰ ফালে চাই থিয় হৈ ] তেন্তে অনঙ্গও যাওক দাম্ভীক বিজয়সিংহ আৰু কমলাক বন্দী কৰি আনক কাশ্মীৰ ধ্বংস কৰক। ভাৰতৰ বুকুৰ পৰা কাশ্মীৰৰ নাম লুপ্ত হওক। অনঙ্গ- এটা শান্তিপ্ৰিয় জাতি সুখ-শয্যাত সুপ্ত। সেই নিবপৰাধী নিৰীহ জাতিক নিৰ্মূল কৰি আৰ্যবৰ্ত্তৰ অঙ্গ- চ্ছেদ কৰিবলৈ আপোনাৰ কি অধিকাৰ আছে মহাৰাজ। বিশ্ব- অনঙ্গ, তুমিও এই যুদ্ধলৈ যাব লাগিব। কাশ্মীৰ ধ্বংস কৰিবলৈ? বিশ্ব-- ধংস কৰি বিজয়সিংহ আৰু কমলাক বন্দী কৰি আনিবলৈ। কাশ্মীৰাধিপতিৰ অপৰাধ ইমান গুৰুতৰ? অনঙ্গ-