মন্ত্ৰী-- ৰাজদ্ৰোহ অপৰাধত।
ৰত্না— বীৰেন্দ্ৰসিংহ ৰাজদ্ৰোহী।
মন্ত্ৰী— অকল বীৰেন্দ্ৰই নহয় আই অনন্তও।
বিজয়- আপোনাৰ পুত্ৰ অনন্ত! [ মন্ত্ৰী তলমূৰ কৰি নিমাত ] মন্ত্ৰী, অনন্ত আৰু
বীৰেন্দ্ৰ ৰাজদ্ৰোহী বুলি মোৰ বিশ্বাস নহয়।
মন্ত্ৰী- বিশ্বাসযোগ্য কাৰণ নেথাকিলে ৰাজভক্ত প্ৰতাপসিংহই সিহঁতক বন্দী নকৰে
মহাৰাজ।
বিজয়- মই এতিয়াই ইয়াৰ বিচাৰ কৰিম।কোন আছ? [ প্ৰহৰীৰ প্ৰবেশ ] বন্দী
বীৰেন্দ্ৰ আৰু অনন্ত ক’ত?
প্ৰহৰী- বন্দীশালত মহাৰাজ। সেনাপতি দুৱাৰত অপেক্ষা কৰিছে।
বিজয়— আহিবলৈ ক। [ প্ৰহৰীৰ প্ৰস্থান]
[ ক্ষন্তেক নিস্তব্ধ। প্ৰতাপসিংহ আহি ৰজাক অভিবাদন কৰে ]
বিজয় – সেনাপতি, তোমাৰ বক্তব্য শুনাৰ আগতে বন্দী বীৰেন্দ্ৰসিংহ আৰু অনন্তক
ইয়ালৈ লৈ আহাঁ।
[ মূৰদোঁৱাই প্ৰতাপৰ প্ৰস্থান ]
ৰত্না-- এই কক্ষতে বিচাৰ কৰিবি বিজয়?
বিজয়- তুমি ভিতৰলৈ যোৱা আই। [ ৰত্নাৰ প্ৰস্থান ] ( অলপ ৰৈ ] মন্ত্ৰীবৰ
এদিনৰ আগতে কাশ্মীৰ ৰবিৰ কনক-জ্যোতিৰে আলোকিত বুলি
ভাবিছিলোঁ। আজি দেখিছোঁ, কাশ্মীৰ আকাশ মেঘাচ্ছন্ন।
২