অনন্ত- ৰাজকুমাৰী
কমলা- কোনে আপোনাক অধিকাৰ দিছিল এনেদৰে এই সময়ত মোৰ কক্ষত
প্ৰবেশ কৰিবলৈ?
অনন্ত- অধিকাৰ কোনেও দিয়া নাই। অন্ধৰ দৰে আহিছোঁ। আলোকৰ আশাত,
এফেৰি শান্তি পাওঁ বুলি।
কমলা- বুজিছোঁ; কিন্তু আপোনাৰ অভদ্ৰ আচৰণ অশোভনীয়
অনন্ত— অভদ্ৰ আচৰণে মোক কলুষিত কৰিব নোৱাৰে ৰাজকুমাৰী,যদি তুমি মোৰ
প্ৰণয়ৰ অৰ্ঘ্য গ্ৰহণ কৰিব পাৰা।
কমলা-[ খঙেৰে ] কিহৰ অৰ্ঘ্য?
অনন্ত— প্ৰণয়ৰ অৰ্ঘ্য।
কমলা— মন্ত্ৰীপুত্ৰ, কাশ্মীৰৰ ৰাজকুমাৰীয়ে তোমাৰ প্ৰণয়ৰ অৰ্ঘ্য গ্ৰহণ নকৰে। গ্ৰহণ
কৰিলে কৰিব পাৰে, কাশ্মীৰৰ কোনো ভিক্ষাৰিণীয়ে।
অনন্ত- অভিমান নকৰিবাঁ কমলা। [ কাষ চাপি যায় ]
কমলা-আত্ম-সন্মান হীন উন্মাদ, আতৰ হোৱাঁ। [অনন্ত আঁতৰে]
অনন্ত- ৰাজকন্যা, ই প্ৰণয় উপেক্ষা নে পৰীক্ষা?
কমলা- ৰাজকন্যাই উন্মাদৰ কথাত উত্তৰ নিদিয়ে। দূৰ হোৱাঁ।
[ আনফালে গুচি যায়।]
অনন্ত- [ স্বগতঃ ] সপোনৰ মাধৈ মালতী মৰহি গ’ল। প্ৰেমৰ প্ৰদীপ নিৰ্বাপিত
হ’ল বাৰু। [ প্ৰস্থান ]
⸻